মধু দানৱ দাৰণ দেৱ বৰং

বৰ ৱাৰিজ লোচন চক্ৰ ধৰম ।

 

ধুম ধুম দবা বাজে ঐ

আহা সবে মিলি গাওঁ নাম ধৰ্ম

ধুম ধুম দবা বাজে ঐ

ধৰা হাতে হাতে কি জাতি বৰ্ণ

হম্ হম্ বুকু কঁপে ঐ

মহা জাতি তোক নিদিওঁ হ’ব খণ্ড

ধুম ধুম দবা বাজে ঐ ।

 

মধু দানৱ দাৰণ দেৱ বৰং

বৰ ৱাৰিজ লোচন চক্ৰ ধৰম

জয় ৰাম’ ৰাম’ ৰাম’ ৰাম

জয় ৰাম’ ৰাম’ ৰাম ৰামে ৰাম ।

 

এটি এটি মণি গাঁথি গাঁথি গঢ়া

মালা কি বহু মূলীয়া

উজনি নামনি জাতি জনজাতি

মিলি আমি অসমীয়া

কি আহা কি ধৰা দুহাত মেলি ঐ

সাৱটি ৰাখোঁ জাতি তোৰ সত্তা

ধুম ধুম দবা বাজে ঐ ।

 

মধু দানৱ দাৰণ দেৱ বৰং

বৰ ৱাৰিজ লোচন চক্ৰ ধৰম

জয় ৰাম’ ৰাম’ ৰাম’ ৰাম

জয় ৰাম’ ৰাম’ ৰাম ৰামে ৰাম ।

 

মধু দানৱ দাৰণ দেৱ বৰং

বৰ ৱাৰিজ লোচন চক্ৰ ধৰম

ধৰণী ধৰ ধাৰণ ধ্যেয় পৰম্|

পৰমাৰ্থ ৱিদ্যাশুভ নাশ কৰম্ ।

 

শ্ৰীমন্ত শংকৰে, আজান ফকীৰে

সিঁচিলে জ্ঞানৰ কঠীয়া

মানৱী ধৰ্মই এক মাথোঁ কৰ্মই

সমাজ গঢ়িব ধুনীয়া

কি আহা জুৰি বা চাপৰি কে ঐ

অসমীৰ চোতালত গঢ়োঁ আহা সাম্য

ধুম ধুম দবা বাজে ঐ ।

 

মধু দানৱ দাৰণ দেৱ বৰং

বৰ ৱাৰিজ লোচন চক্ৰ ধৰম

জয় ৰাম’ ৰাম’ ৰাম’ ৰাম

জয় ৰাম’ ৰাম’ ৰাম ৰামে ৰাম ।।